Share and Enjoy !

Shares

কামৰূপ (গ্ৰাম্য) জিলাৰ অন্তৰ্গত গন্ধমৌত চাঞ্চল্যকৰ ঘটনা।

বিদ্যালয়ৰ জিৰণিৰ সময়তে ৰহস্যজনকভাৱে নিৰুদ্দেশ ছাত্ৰী।

বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশ

সদায় অহাৰ দৰে ছাত্ৰীগৰাকী বিদ্যালয়লৈ আহিছিল আৰু প্ৰথমাৰ্ধৰ শ্ৰেণীসমূহত উপস্থিত আছিল।

দুপৰীয়া জিৰণিৰ সময় হোৱাৰ পাছৰে পৰা ছাত্ৰীগৰাকী সন্ধানহীন হৈ পৰে।

আশে-পাশে বহু বিচাৰ-খোচৰ কৰা হয় যদিও ছাত্ৰীগৰাকীৰ কোনো সম্ভেদ লাভ কৰিব পৰা নাই।

ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই তৎকালীনভাৱে ছাত্ৰীগৰাকীৰ পৰিয়ালক সমগ্ৰ বিষয়টো অৱগত কৰে।

পৰৱৰ্তী সময়ত ঘটনাৰ গুৰুত্ব বিবেচনা কৰি বিদ্যালয় কৰ্তৃপক্ষই শুৱালকুছি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *