Share and Enjoy !

Shares

ৰাজ্যত চোৰৰ উপদ্ৰৱ। এইবাৰ বিদ্যালয় লক্ষ্য চোৰৰ ।বুধবাৰে নিশা ৰহাৰ পূৱ শালমৰা প্ৰাথমিক বিদ্যালয়ত চাঞ্চল্যকৰ চুৰিকাণ্ড

বিদ্যালয়ৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি চলালে তাণ্ডৱ লগতে লুটি লৈ যায়।বহু মূল্যৱান সামগ্ৰী

প্ৰাপ্ত খবৰ অনুসৰি, চোৰে বিদ্যালয়খনৰ মূল দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। তাৰ পিছত বিদ্যালয়ত থকা কেইবাখনো চালি ফেন, পানীৰ মটৰ, বৈদ্যুতিক তাঁৰ আৰু লাইট লৈ যায়। কেৱল সামগ্ৰী চুৰি কৰিয়েই নহয় দুস্কৃতিকাৰীয়ে বিদ্যালয়ৰ দুৱাৰ আৰু বিভিন্ন আচবাব ভাঙি লণ্ড-ভণ্ড কৰে। আনকি চোৰে বিদ্যালয়ৰ ভিতৰতে কেইবাখনো গুৰুত্বপূৰ্ণ কাগজ-পত্ৰ জ্বলাই ধ্বংস কৰে।

বৃহস্পতিবাৰে পুৱা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল বিদ্যালয় উপস্থিত হৈ এই অভাৱনীয় দৃশ্য প্ৰত্যক্ষ কৰে। পিছত বিদ্যালয় কৰ্তৃপক্ষই লগে লগে ৰহা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰায়। খবৰ পাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত চোৰৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *