পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা।গুৱাহাটীৰ উলুবাৰীৰ Bilas Innত গুলীচালনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই মহানগৰীত সংঘটিত হৈছে আন এক শিহৰণকাৰী ঘটনা।
এইবাৰ চোকা অস্ত্ৰৰে চাৰিগৰাকী লোকক আক্ৰমণ এজন লোকৰ। আক্ৰমণত গুৰুতৰভাৱে আহত লোককেইজন
প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ ফটাশিল আমবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। আক্ৰমণকাৰীয়ে দাৰে আক্ৰমণ কৰাত চাৰিগৰাকী লোক আহত হয়। ঘটনাৰ পিছতে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আঘাতপ্ৰাপ্ত লোকসকলৰ ভিতৰত এজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।
ইফালে, ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে, কি কাৰণত এই আক্ৰমণৰ ঘটনা সংঘটিত হ’ল, সেই সন্দৰ্ভত এতিয়াও সবিশেষ তথ্য পোহৰলৈ অহা নাই। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ। আৰক্ষীৰ তদন্তৰ পিছতহে আক্ৰমণৰ আঁৰৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।