Share and Enjoy !

Shares

চলন্ত বাছতে কন্যা সন্তানৰ মাতৃ হ’ল এগৰাকী মহিলা! গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী এখন বাছত যাত্ৰাপথতে মাতৃ হ’ল মাৰ্জিনা বেগম।

জানিব পৰা মতে, জাগীৰোডৰ পৰা আইদেউজান বাছখনত উঠি ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰিছিল মাৰ্জিনা বেগমে। যাত্ৰাপথত কাজিৰঙাৰ মাজত চলন্ত বাছখনতে এটি কন্যা সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে।

এই ঘটনাৰ পাছতেই বাছখনৰ কৰ্মচাৰীসকলে তৎপৰতাৰে এম্বুলেন্সৰ ব্যৱস্থা কৰি মাৰ্জিনা বেগমক প্ৰাথমিক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

কেৱল সেয়াই নহয়, মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰি বাছখনৰ কৰ্মচাৰীসকলে মহিলাগৰাকীক সহায়ৰ হাত আগবঢ়াই ৫ হাজাৰ টকা প্ৰদান কৰে।

বিপদৰ সময়ত বাছ কৰ্মচাৰীসকলে দেখুওৱা এই তৎপৰতা আৰু মানৱীয় পদক্ষেপে বিশেষ চৰ্চা লাভ কৰিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *