Share and Enjoy !

Shares

ত্ৰিপুৰা-অসম সীমান্তৰ চুবাইবাৰী ৱাচ প’ষ্টত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ। অনলাইন পাৰ্চেলৰ নামত সৰবৰাহ কৰা হৈছিল এই নিষিদ্ধ সামগ্ৰীখিনি। ​

ঘটনাৰ বিবৰণী অনুসৰি, আজি পুৱা প্ৰায় ৫:৫০ বজাত চুবাইবাৰী ৱাচ প’ষ্টৰ ঠিক সন্মূখতে নাকা চেকিং আৰম্ভ কৰিছিল আৰক্ষীয়ে। ইফালে পুৱা প্ৰায় ৭:০০ বজাত লৈয়াৰপʼয়া ফালৰ পৰা ত্ৰিপুৰাৰ দিশলৈ গৈ থকা AS01UC9549 পঞ্জীয়ন নম্বৰৰ এখন চাৰিচকীয়া বাহন সন্দেহজনকভাৱে আটক কৰা হয়।

​বাহনখন তালাচী কৰাৰ সময়ত ভিতৰত কিছুমান এক্সপ্ৰেছবিজৰ অনলাইন পাৰ্চেলৰ কাৰ্টন দেখা পোৱা যায়। সন্দেহ হোৱাত কাৰ্টনসমূহ খোলা হয়। ৪ টা কাৰ্টনৰ ভিতৰত প্ৰতিটোতে ৩ টাকৈ সৰু বাকচ পোৱা গ’ল। সৰ্বমুঠ ৩০৮ বটল কোডিন ফছফেট আৰু ট্ৰিপ্ৰ’লিডাইন হাইড্ৰ’ক্লৰাইড কফ চিৰাপ উদ্ধাৰ কৰা হয়। জব্দ কৰা সামগ্ৰীখিনিৰ আনুমানিক বজাৰমূল্য প্ৰায় ৩,০৮,০০০ টকা বুলি জানিব পৰা গৈছে। লগতে চালকজনক গ্ৰেপ্তাৰ কৰে।এনাম উদ্দিন লস্কৰক

Leave a Reply

Your email address will not be published. Required fields are marked *