Share and Enjoy !

Shares

হাটশিঙিমাৰীত খাৰুৱাবান্ধা আৰক্ষীৰ অভিযান।বাংলাদেশী নাগৰিকৰ অবৈধ অনুপ্ৰৱেশত সহযোগিতা কৰাৰ অভিযোগত খাৰুৱাবান্ধা আৰক্ষীয়ে চলোৱা অভিযান।

অভিযানত গ্ৰেপ্তাৰ চাৰিজন দালাল। ধৃত দালালকেইজন দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ফেকামাৰী দ্বিতীয় খণ্ড গাঁৱৰ খলিল শেখৰ পুত্ৰ জামিৰুল হক (৪০), হজৰত আলীৰ পুত্ৰ জাবেদ ইছলাম (৩০), ছাহিদূৰ ইছলামৰ পুত্ৰ ছাজিদ হুছেইন (২০) আৰু দয়াৰচৰ গাঁৱৰ প্ৰয়াত মাহীয়াৰ ৰহমানৰ পুত্ৰ আব্দুল লাতিফ মিঞা (৪০)।বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, শনিবাৰে হাটশিঙিমাৰীৰ ফেকামাৰী আৰু দয়াৰচৰ অঞ্চলৰ পৰা আৰক্ষীয়ে চাৰিওজনকে আটক কৰি সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত আদালতত হাজিৰ কৰোৱাৰ পিছত অধিক তদন্তৰ স্বাৰ্থত খাৰুৱাবান্ধা আৰক্ষীয়ে তিনি দিনৰ জিম্মা বিচাৰে।

আদালতে আৰক্ষীৰ আবেদন মঞ্জুৰ কৰি চাৰিওজনকে তিনি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। বৰ্তমান আৰক্ষীৰ জিম্মাত ৰাখি তেওঁলোকৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে। আৰক্ষীৰ সূত্ৰৰ অভিযোগ অনুসৰি, ধৃত লোককেইজন বাংলাদেশৰ পৰা অবৈধভাৱে বাংলাদেশী নাগৰিকক ভাৰতলৈ অনা-নিয়াৰ দালালি চক্ৰৰ সৈতে জড়িত।

Leave a Reply

Your email address will not be published. Required fields are marked *