ভাৰতৰ হাইস্পীড ৰে’ল নেটৱৰ্কত স্থান লাভ কৰিলে গুৱাহাটীয়ে। মাত্ৰ ৮ ঘণ্টাতে গুৱাহাটীৰ পৰা দিল্লীলৈ যাব পাৰিব যাত্ৰীয়ে! দিল্লী আৰু গুৱাহাটীৰ মাজত চলিব বুলেট ট্ৰেইন! অসমৰ যোগাযোগ ব্যৱস্থা আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা হ’ব।
ভাৰতৰ প্ৰস্তাৱিত হাইস্পীড ৰে’ল নেটৱৰ্কত স্থান লাভ কৰিলে গুৱাহাটীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুলেট ট্ৰেইন প্ৰকল্পৰ উত্তৰ কৰিড’ৰত অনুমোদন জনোৱাৰ পাছতে দিল্লীৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান চহৰ গুৱাহাটীক সংযোগ কৰাৰ পৰিকল্পনাই বিশেষ চৰ্চা লাভ কৰিছে। শনিবাৰে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই তথ্য সদৰী কৰে।
ৰে’লমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, প্ৰস্তাৱিত কৰিড’ৰটো দিল্লীৰ পৰা আৰম্ভ হৈ আগ্ৰা, কানপুৰ, লক্ষ্ণৌ আৰু অযোধ্যাৰ মাজেৰে বাৰাণসী আৰু পাটনা হৈ গুৱাহাটীলৈ সম্প্ৰসাৰিত হ’ব।
প্ৰস্তাৱিত কৰিড’ৰটোৰ যাত্ৰাৰ সময় সন্দৰ্ভত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে প্ৰকল্পটো কাৰ্যক্ষম হ’লে দিল্লীৰ পৰা আগ্ৰালৈ ৫৯ মিনিট, কানপুৰলৈ ১ ঘণ্টা ৪৫ মিনিট, লক্ষ্ণৌলৈ ২ ঘণ্টা ১২ মিনিট আৰু বাৰাণসীলৈ ৩ ঘণ্টা ৩৩ মিনিটত উপস্থিত হ’ব পৰা যাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেৱল ধনী শ্ৰেণীৰ লোকৰ বাবেই নহয়, সাধাৰণ যাত্ৰীৰ বাবেও হাইস্পীড ৰে’লৰ সুবিধা উপলভ্য কৰোৱাই এই প্ৰকল্পৰ অন্যতম লক্ষ্য।
লগতে তেওঁ কয় যে, “বিৰোধী পক্ষৰ বহু লোকে বাৰে বাৰে এই ভুল ধাৰণা প্ৰচাৰ কৰে যে বুলেট ট্ৰেইন কেৱল ধনী লোকৰ বাবেহে। কিন্তু ইয়াৰ ভাৰা যথেষ্ট সুলভ হ’ব আৰু বিমানৰ টিকটতকৈ বহু কম হ’ব।”