আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দুপৰীয়া ১.৩০ বজাত বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিব ৰাহুল গান্ধীয়ে। বৰঝাৰ বিমান বন্দৰৰ পৰাই পোনে পোনে ৰাওনা হ’ব সোণাপুৰৰ জুবিনৰ সমাধিক্ষেত্ৰলৈ। তাৰ পাছত গৰিমা শইকীয়া গাৰ্গক কৰিব সাক্ষাৎ নেতাগৰাকীয়ে।
উল্লেখ্য যে, অসমলৈ আহি দলীয় কোনো কাৰ্য-কলাপত অংশ নলয় ৰাহুল গান্ধীয়ে। সংবাদ মাধ্যমক এই কথা অৱগত কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ।
গৌৰৱ গগৈয়ে কয় যে, ৰাহুল গান্ধীৰ ভ্ৰমণ ব্যক্তিগত৷ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই উভটি যাব ৰাহুল গান্ধী।
