অন্ত পৰিল অপেক্ষাৰ।শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল হ’ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু চাৰ্জশ্বীট।অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (SIT)এ আদালতত দাখিল কৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট।চিআইডি কাৰ্যালয়ৰ পৰা আদালতলৈ লৈ যোৱা হৈছিল চাৰিটাকৈ ট্ৰাংকত প্ৰায় ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীটৰ কপী।
আজি অন্ত পৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠিত ন্যায়িক তদন্ত আয়োগে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজহুৱা সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া। তাৰ মাজতে অসম আৰক্ষীৰ চিআইডিয়ে জুবিন গাৰ্গ মৃত্যু ঘটনাৰ ১৮/২৫ নম্বৰৰ গোচৰটোৰ চার্জশ্বীট আদালতত দাখিল কৰিলে।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চার্জশ্বীট ১২ ডিচেম্বৰত আদালতত দাখিল কৰা হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ SDGP তথা SITৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তাই ঘোষণা কৰিছিল। এই গোচৰত প্ৰায় ৩০০ লোকৰ সাক্ষ্য লোৱা হৈছে। চিআইডি থানাত ৰুজু হোৱা ১৯/২৫ নম্বৰৰ দ্বিতীয় গোচৰটোৰ তদন্ত প্রক্রিয়া এতিয়াও অব্যাহত আছে। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামা ১০ ডিচেম্বৰৰ পূৰ্বে চূড়ান্ত কৰাৰ বাবে তদন্তকাৰীসকলে দিনে-নিশাই কাম কৰি থকা বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে।
চাৰ্জশ্বীট দাখিল পাছতেই কোকৰাঝাৰত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ।। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয়, ‘‘যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক আমি ন্যায় দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। আজি সেই প্ৰতিশ্ৰুতি আৰু দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SITয়ে অভিলেখসংখ্যক সময়ত চাৰ্জশ্বীট দাখিল কৰিছে। হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ। মই ভাবো এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘আদালতৰ নিৰপেক্ষতা আৰু অপৰাধীৰ প্ৰতি আদালতৰ কঠোৰ স্থিতিৰ কথা আমি সকলোৱে জানো। মই ভাবো ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম। এতিয়া মুখ্য ন্যায়াধীশৰ লগত কথা পাতিব লাগিব। ইয়াৰ এটা প্ৰক্ৰিয়া আছে। গোচৰটো চিজেএম কোৰ্টৰ পৰা ছেচন কোৰ্টলৈ যাব। তাৰ পাছতহে ফাষ্ট ট্ৰেক কোৰ্ট, স্পেচিয়েল পিপি এই কামবিলাক আমি কৰিম।’’
