প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ দেহাৱসান।
দীৰ্ঘদিন ধৰি অসুস্থতা হৈ আছিল প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অৱশেষত আজি মহাৰাষ্ট্ৰত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ৯১ বছৰ বয়সত দেহাৱসান ঘটে প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ।।
উল্লেখ্য যে, ১৯৩৫ চনৰ ১২ অক্টোবৰত লাটুৰ জিলাৰ চাকুৰত জন্মগ্ৰহণ কৰিছিল শিৱৰাজ পাটিলে । ১৯৬৭ চনৰ পৰা ১৯৬৯ চনলৈ তেওঁ লাটুৰ পৌৰ নিগমত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ লোকসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল শিৱৰাজ পাটিল এগৰাকী প্ৰভাৱশালী কংগ্ৰেছ নেতা হিচাপে ৭ বাৰকৈ লাটুৰ লোকসভা সমষ্টিত জয়ী হৈছিল।। ২০০৪ চনৰ পৰা ৰাজ্যসভাৰ লগতে গৃহমন্ত্ৰীৰ পদতো অধিষ্ঠিত হৈছিল।
