Share and Enjoy !

Shares

শনিবাৰে নগাঁও জিলাৰ বটদ্ৰৱা থানৰ সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা ২৯ ডিচেম্বৰত ‘বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প’ উদ্বোধন কৰিবলগীয়া এই প্ৰকল্পৰ প্ৰস্তুতিৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পীযুষ হাজৰিকাই কয় – “অসমীয়াৰ কাৰণে বটদ্ৰৱা থানখন অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত থাকে বটদ্ৰৱা থান। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে গুৰুজনাৰ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰত যথেষ্ট উদ্যোগ গ্ৰহণ কৰি আছে। এই থানখনক কলা, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিবলগীয়া এই প্ৰকল্পৰ প্ৰস্তুতিৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰীগৰাঅন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰাত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

লগতে, জাগীৰোড মহাবিদ্যালয়ত শিক্ষা আৰু উন্নয়নৰ দিশত একাধিক গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *