Share and Enjoy !

Shares

অহা ১৬ ডিচেম্বৰত ধিঙত চলিব বৃহৎ উচ্ছেদ অভিযান।ইতিমধ্যে বেদখলকাৰীক চৰকাৰী ভূমি মুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে ধিং ৰাজহ চক্ৰ বিষয়া সৌৰভ দাসে।

উচ্ছেদ চলিব লগা ঠাইসমূহ হৈছে : ধিঙৰ সালনাবৰী , ভেৰভেৰী বিল , টুকটুকী , আহোম গাওঁ , কটহগুৰি , ৰৌমাৰী বিল , মৈৰাধ্বজ , মাগুৰমাৰী বিল।

উল্লেখ্য যে, ধিঙৰ সালনাবড়ী গাঁৱৰ ভেৰভেৰি বিলৰ পৰা টুকটুকি, আহোম গাঁও, কটহগুৰি, ৰৌমাৰি বিল, মৈৰাধ্বজ হৈ মাগুৰমাৰি বিললৈকে প্ৰাকৃতিক ভাবে পানী চলাচলৰ সূতি আছিল। কিন্তু এই সূতিটো একাংশ বেদখলকাৰীয়ে বিভিন্ন ঠাইত বান্ধ বনাই পুখুৰী আৰু ফিচাৰি বনাই বেদখল কৰি আহিছে ।যাৰ ফলত পানীৰ চলাচল বন্ধ হৈ গোটেই এলেকাৰ গাৱঁৰ ৰাইজৰ লগতে বাট-পথৰ বিস্তৰ ক্ষতি সাধন হৈ আহিছিল ।

ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে সম্পুৰ্ণ সাজু হৈছে নগাওঁ জিলা আৰক্ষী প্ৰশাসন।

Leave a Reply

Your email address will not be published. Required fields are marked *