দেওবাৰে ছিডনীত ভয়ংকৰ গুলীচালনাৰ ঘটনা।
ছিডনীৰ বণ্ডী বিচ্ছত হানুকা উদযাপনৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ গুলীচালনাৰ ঘটনাটো।
জানিব পৰা মতে, এই গুলীয়াগুলীত ১০জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় কেইবাজনো।আৰক্ষীয়ে আটক কৰিছে গুলীচালনা কৰা দুই দুৰ্বৃত্তক।
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি,।সমুদ্ৰতীৰত আতংকৰ সৃষ্টি হোৱাৰ ফলত মানুহ পলায়ন কৰাৰ লগতে বিভিন্নজনে ঘৰৰ ভিতৰতে আশ্ৰয় লৈ কোনোমতে প্ৰাণৰক্ষা কৰে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিছে এক বিবৃতিত কয় যে বণ্ডীৰ দৃশ্যবোৰ দুখজনক। আৰক্ষী আৰু জৰুৰীকালীন দলে তাৎক্ষণিকভাৱে উদ্ধাৰাভিযান আৰম্ভ কৰিছে। ক্ষতিগ্ৰস্ত প্ৰতিজন ব্যক্তিৰ সৈতে আমি আছোঁ।
তেওঁ লগতে কয় যে, তেওঁ এ এফ পিৰ আয়ুক্তৰ সৈতে আৰু এন এছ ডব্লিউৰ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিছে। তেওঁ লগতে কয়, ‘‘আমি এন এছ ডব্লিউ আৰক্ষীৰ সৈতে কাম কৰি আছোঁ আৰু অধিক তথ্য নিশ্চিত হোৱাৰ লগে লগে অধিক আপডেট দিম। মই ওচৰৰ লোকসকলক এন এছ ডব্লিউ আৰক্ষীৰ তথ্য ফ’ল’ কৰিবলৈ আহ্বান জনাইছোঁ।’’
