নগাঁৱৰ তপতজুৰি চাহ বাগিচাৰ মুৰ্গীলাৰাইত বন্যহস্তীৰ আতংকনগাঁৱৰ তপতজুৰি চাহ বাগিচাৰ মুৰ্গীলাৰাইত বন্যহস্তীৰ আতংক

Share and Enjoy !

Shares

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে ।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

এইবাৰ নগাঁৱৰ তপতজুৰি চাহ বাগিচাৰ মুৰ্গীলাৰাইত বন্যহস্তীৰ আতংক। বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে দুটাকৈ গৃহ।কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালকেইটা।

উল্লেখ্য যে, স্থানীয় ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈ পৰিছে নগাঁও বন বিভাগ। ইপিনে নগাঁও বন বিভাগৰ লোকক খবৰ দিয়াৰ পাছতো সময়মতে বনবিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *