Share and Enjoy !

Shares

ভাৰতীয় জনতা পাৰ্টিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ।

মুখ্যমন্ত্ৰীৰ দিল্লীৰ আবাসত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে।

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ পিছতে মুখ্যমন্ত্ৰীয়ে কয়, ‘‘প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আমি অসমক শক্তিশালী কৰিম। মঙলবাৰে নীতিন নবীনে যোগদানত জনালে অনুমোদন। অসমৰ এজন শক্তিশালী নেতা বৰদলৈ। ৩ বছৰৰ বাবে সাংসদৰ কাৰ্যকাল আছিল প্ৰদ্যুৎ বৰদলৈৰ। তথাপিও তেওঁ অসমৰ বাবে দলত্যাগ কৰিছে। তেওঁক উচিত সন্মান দিব বিজেপিয়ে।’’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ‘‘স্ৱাভিমানী নেতাক বিজেপিলৈ অনা হ’ব। সময়ৰ লগে লগে ৰিপুন বৰাও আহিব বিজেপিলৈ। দেৱব্ৰত শইকীয়াও আহিব বিজেপিলৈ

আনহাতে বিজেপিত যোগদান কৰিয়েই প্ৰদ্যুৎ বৰদলৈয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘‘এই সিদ্ধান্তটো মোৰ বাবে সহজ সিদ্ধান্ত নহয়। কংগ্ৰেছত থাকি মানসিক অশান্তিত ভুগি আছিলোঁ। মুখ্যমন্ত্ৰীৰ সৈতে সুদীৰ্ঘ কাল সতীৰ্থ হিচাপে আছিলোঁ। মুখ্যমন্ত্ৰীৰ কামকাজৰ ধৰণ দেখি সন্তুষ্ট হৈ বিজেপিলৈ আহিছোঁ। মুখ্যমন্ত্ৰীৰ কৰ্মস্পৃহাই মোক আকৰ্ষিত কৰিছে। দুবছৰমান কংগ্ৰেছত বহু অপমানৰ সন্মুখীন হৈছিলোঁ। মই বিজেপিত আত্মসন্মান ৰক্ষা কৰি অসমীয়া হিচাপে মূৰ তুলি কাম কৰি যাম। জ্যেষ্ঠ কংগ্ৰেছী ৰূপে পাব লগা সন্মান পোৱা নাছিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *