Share and Enjoy !

Shares

নিশা আৰক্ষীৰ অভিযানত পছৰীয়াত গেলামালৰ দোকানৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা।

কামৰূপৰ পছৰীয়া মানিকটোলত সঞ্জীৱ কলিতাৰ গেলামালৰ দোকানত আৰক্ষীয়ে জব্দ কৰে গাঞ্জা খিনি।

গোপনীয় সূত্ৰৰ ভিত্তিত দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জিঞ্চু গগৈৰ নেতৃত্বত চলা অভিযানত আৰক্ষীয়ে গেলামালৰ দোকানত চলাইছিল অভিযান। অভিযানত সঞ্জীৱ কলিতাৰ গেলামালৰ দোকানৰ পৰা আৰক্ষী জব্দ কৰে ২.৬৫১ কিল’গ্ৰামৰ গাঞ্জা।

আৰক্ষীয়ে ইতিমধ্যে গাঞ্জা ব্যৱসায়ী সঞ্জীৱ কলিতাক আটক কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *