গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৫গৰাকী লোকক নৃশংসভাৱে হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন ।
যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ নেতৃত্বত গঠন কৰা SITত মুঠ ৬গৰাকী আৰক্ষী বিষয়াক অন্তৰ্ভুক্ত কৰা হৈছে।
ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পুংখানুপুংখ, বৈজ্ঞানিক আৰু ক্ষিপ্ৰ তদন্ত নিশ্চিত কৰাৰ উদ্দেশ্যে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে।
বিশেষ তদন্তকাৰী দলটোৰ নেতৃত্বত থাকিব গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন, IPS। দলটোৰ আন সদস্যসকল হৈছে—
১. অংকুৰ জৈন, IPS — যুটীয়া আৰক্ষী আয়ুক্ত, গুৱাহাটী; দলৰ মুৰব্বী।
২. সম্ভাৱী মিশ্ৰ, IPS — উপ-আৰক্ষী আয়ুক্ত (মধ্য), গুৱাহাটী; সদস্য।
৩. ড° দেৱজিৎ নাথ, APS — উপ-আৰক্ষী আয়ুক্ত (অপৰাধ), গুৱাহাটী; সদস্য।
৪. ভিকু আচুমি, IPS — অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত (মধ্য), গুৱাহাটী; সদস্য।
৫. কুলেশজ্যোতি ভূঞা — পৰিদৰ্শক তথা পল্টন বজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া; সদস্য।
৬. অবিনাশ দাস — উপ-পৰিদৰ্শক, পল্টন বজাৰ আৰক্ষী থানা; সদস্য।
ফৰেনছিক প্ৰমাণৰ পৰা সাক্ষীৰ ভাষ্যলৈকে হ’ব তদন্ত
SIT-এ হত্যাকাণ্ডটোৰ সৈতে জড়িত সকলো গুৰুত্বপূৰ্ণ দিশ সামৰি তদন্ত চলাব। ঘটনাস্থলীৰ ফৰেনছিক সাক্ষ্য-প্ৰমাণ পৰীক্ষা কৰাৰ লগতে প্ৰত্যক্ষদৰ্শী আৰু অন্যান্য সাক্ষীৰ ভাষ্যও সংগ্ৰহ কৰিব তদন্তকাৰী দলটোৱে। ইয়াৰোপৰি, গুলীচালনাৰ পূৰ্বে সৃষ্টি হোৱা পৰিস্থিতি, ঘটনাটোৰ আঁৰৰ কাৰণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত অন্যান্য প্ৰাসংগিক বিষয়সমূহো তদন্তৰ আওতালৈ অনা হ’ব। বিলাস ইন হত্যাকাণ্ডৰ প্ৰকৃত ঘটনা পোহৰলৈ অনা আৰু সকলো প্ৰাসংগিক তথ্য-প্ৰমাণৰ ভিত্তিত তদন্ত আগবঢ়োৱাই এই বিশেষ তদন্তকাৰী দলটোৰ মূল লক্ষ্য।