গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৫গৰাকী লোকক নৃশংসভাৱে হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত এক বিবৃতি ৰাজহুৱা গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ।
বিবৃতিখনত লিখিছে – ২০২৬ চনৰ ২৬ অক্টোবৰ তাৰিখে নিশা প্ৰায় ৯ বজাত গুৱাহাটীৰ লাচিত নগৰস্থিত হোটেল বিলাস ইনত কেইবাজাঁই গুলীচালনা হোৱাৰ খবৰ পল্টন বজাৰ আৰক্ষী থানাই লাভ কৰে। খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়।
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে হোটেলখনৰ অভ্যৰ্থনা কক্ষত চাৰিজন লোকক মৃত অৱস্থাত উদ্ধাৰ কৰে। আনহাতে, হোটেললৈ যোৱা সংযোগী পথত দুজন লোকক আহত অৱস্থাত পোৱা যায়। আহত দুয়োজনকে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ (GMCH) প্ৰেৰণ কৰা হয়। চিকিৎসাধীন অৱস্থাত তেওঁলোকৰ এজনৰ পৰৱৰ্তী সময়ত মৃত্যু হয়।
এই ঘটনাত মুঠ পাঁচজন লোকৰ মৃত্যু হৈছে আৰু আন এজন বৰ্তমানেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
নিহত ব্যক্তিসকলৰ বিৱৰণ:
১) ভূদেৱ ভৰালী (৬৫ বছৰ), বাসিন্দা – বৰপেটা।
২) হেলেনা ভৰালী (৫৮ বছৰ), বাসিন্দা – নবীন নগৰ, গুৱাহাটী।
৩) দেৱৰ্ষি কাশ্যপ (৩৯ বছৰ), বাসিন্দা – নবীন নগৰ, গুৱাহাটী।
৪) ৰিণিকা কাশ্যপ (৩০ বছৰ), বাসিন্দা – নবীন নগৰ, গুৱাহাটী।
৫) নাৰায়ণ দাস (৪৮ বছৰ), বাসিন্দা – বৰপেটা।
আহত ব্যক্তি:
সত্যেন্দ্ৰ পাঠক (৪৩ বছৰ), বাসিন্দা – বৰপেটা। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন।
অভিযুক্ত:
ঘনকান্ত গগৈ (৩৪ বছৰ), মূল বাসস্থান – ডিব্ৰুগড়। বৰ্তমানৰ বাসস্থান – সাউকুছি, গুৱাহাটী।
প্ৰাথমিক তদন্ত:
প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, হোটেল বিলাস ইনৰ ভাড়াচুক্তি আৰু পৰিচালনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ পৰিণতিত এই ঘটনা সংঘটিত হয়।
২০২৫ চনৰ ১০ ছেপ্টেম্বৰত হোটেলখনৰ মালিকসকলে অভিযুক্ত ঘনকান্ত গগৈৰ সৈতে পাঁচ বছৰীয়া এখন ভাড়াচুক্তি সম্পাদন কৰিছিল। চুক্তি অনুসৰি হোটেলখনৰ মাহিলি ভাড়া আছিল ১ লাখ ৮০ হাজাৰ টকা।
অভিযুক্তই হোটেলখনৰ মেৰামতি আৰু নৱীকৰণৰ কাম সম্পন্ন কৰাৰ পাছত হোটেলৰ চৌহদ ব্যৱহাৰ আৰু কেতবোৰ সা-সুবিধাৰ ব্যৱস্থাক লৈ দুয়োপক্ষৰ মাজত মতানৈক্যৰ সৃষ্টি হয়।
এই বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে ২৬ অক্টোবৰ, ২০২৬ তাৰিখে হোটেলখনত এখন বৈঠকৰ আয়োজন কৰা হৈছিল। কিন্তু বৈঠকখন আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ পূৰ্বেই দুয়োপক্ষৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় আৰু পৰিস্থিতি শাৰীৰিক সংঘৰ্ষত পৰিণত হয়। ইয়াৰ পাছতেই অভিযুক্তই ছয়জন ব্যক্তিৰ ওপৰত গুলীচালনা কৰে।
পৰৱৰ্তী সময়ত অভিযুক্ত ঘনকান্ত গগৈৰ উপস্থিতিৰ খবৰ বশিষ্ঠ আৰক্ষী থানা এলেকাত পোৱা হয় আৰু তেওঁক আৰক্ষীৰ জিম্মালৈ অনা হয়। ঘটনাত ব্যৱহৃত পিষ্টলটোও জব্দ কৰা হৈছে।
ঘটনাস্থলী সুৰক্ষিত কৰাৰ লগতে অপৰাধ অনুসন্ধান বিভাগ (CID) আৰু ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ (FSL) দলৰ সহায়ত বৈজ্ঞানিক পদ্ধতিৰে ঘটনাস্থলী পৰীক্ষা আৰু সাক্ষ্য-প্ৰমাণ সংগ্ৰহ কৰা হয়।
ঘটনাস্থলীৰ পৰা .৩২ কেলিবাৰৰ পিষ্টলৰ কেইবাটাও ব্যৱহৃত কাৰ্টিজৰ খোল আৰু সজীৱ কাৰ্টিজ উদ্ধাৰ কৰি জব্দ কৰা হৈছে।
বৰ্তমান তদন্তকাৰী বিষয়াই অভিযুক্তক জেৰা অব্যাহত ৰাখিছে।
বিশেষ তদন্তকাৰী দল (SIT) গঠন
ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পুংখানুপুংখ, বৈজ্ঞানিক আৰু ক্ষিপ্ৰ তদন্ত নিশ্চিত কৰাৰ উদ্দেশ্যে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে।
বিশেষ তদন্তকাৰী দলটোত নিম্নোক্ত আৰক্ষী বিষয়াসকলক অন্তৰ্ভুক্ত কৰা হৈছে—
১) শ্ৰী অংকুৰ জৈন, আইপিএছ, যুটীয়া আৰক্ষী আয়ুক্ত, গুৱাহাটী – দলৰ মুৰব্বী।
২) মিছ শাম্ভৱী মিশ্ৰ, আইপিএছ, উপ-আৰক্ষী আয়ুক্ত (মধ্য), গুৱাহাটী – সদস্য।
৩) ড° দেবজিৎ নাথ, এপিএছ, উপ-আৰক্ষী আয়ুক্ত (অপৰাধ), গুৱাহাটী – সদস্য।
৪) শ্ৰী ভিকু আচুমি, আইপিএছ, অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত (মধ্য), গুৱাহাটী – সদস্য।
৫) পৰিদৰ্শক কুলেশজ্যোতি ভূঞা, ভাৰপ্ৰাপ্ত বিষয়া, পল্টন বজাৰ আৰক্ষী থানা – সদস্য।
৬) উপ-পৰিদৰ্শক অবিনাশ দাস, পল্টন বজাৰ আৰক্ষী থানা – সদস্য।
এই বিশেষ তদন্তকাৰী দলটোৱে ঘটনাৰ সৈতে জড়িত ফৰেনছিক সাক্ষ্য-প্ৰমাণ পৰীক্ষা, প্ৰত্যক্ষদৰ্শী আৰু অন্যান্য সাক্ষীৰ ভাষ্য সংগ্ৰহ, গুলীচালনাৰ পূৰ্বে সৃষ্টি হোৱা পৰিস্থিতি আৰু ঘটনাটোৰ সৈতে জড়িত আন সকলো প্ৰাসংগিক দিশ সামৰি বিস্তৃত তদন্ত চলাব। ঘটনাৰ সম্পূৰ্ণ ঘটনাক্ৰম আৰু ইয়াৰ সৈতে জড়িত সকলো পৰিস্থিতি তথা তথ্য উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত আছে।