অৱশেষত ছিংগাপুৰলৈ ৰাওনা SITৰ দলঅৱশেষত ছিংগাপুৰলৈ ৰাওনা SITৰ দল

Share and Enjoy !

Shares

অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত।

ছিংগাপুৰলৈ ৰাওনা CIDৰ বিশেষ তদন্তকাৰী দল।

জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পিছত ছিংগাপুৰলৈ ৰাওনা অসম আৰক্ষীৰ দল।

জানিব পৰা অনুসৰি, আজি ছিংগাপুৰত SITৰ দুগৰাকী বিষয়া।

ছিংগাপুৰ আৰক্ষীৰে মিলি জুবিন মৃত্যুৰ তদন্ত চলাব।

কাইলৈ ছিংগাপুৰ আৰক্ষীৰ সৈতে মিলিত হ’ব আলোচনা।দুজনীয় দলটোৱে ছিংগাপুৰ আৰক্ষীৰ পৰা বুজ ল’ব তদন্তৰ অগ্ৰগতিৰ।

জুবিনৰ মৃত্যুৰ ঘটনাৰ তথ্য প্ৰমাণো সংগ্ৰহ কৰিব SITৰ দলটোৱে।

জুবিনৰ সৈতে য়টত থকা ৱাজিদ আহমেদৰ সাক্ষ্য লোৱাৰো সম্ভাৱনা।

য়টখনত থকা দুই নাৱিকৰো সাক্ষ্য গ্ৰহণৰ প্ৰয়াস চলাব দলটোৱে।

লগতে ছিংগাপুৰত জুবিনে কটোৱা হোটেল পেন-পেচিফিকৰ CCTV ভিজুৱেল বিচাৰিব দলটোৱে।

উল্লেখ্য যে,১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ মৃত্যু হৈছিল জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লোকে মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা হৈছিল এজাহাৰ। পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৭গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল SITএ।

Leave a Reply

Your email address will not be published. Required fields are marked *