Share and Enjoy !

Shares

২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ বটদ্ৰৱা থানৰ সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমণৰ পূৰ্বে বটদ্ৰৱা থান পৰিদৰ্শন কৰি সাংস্কৃতিক প্ৰকল্পৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

মাংগলিক অনুষ্ঠানৰ মাজেৰে নামকীৰ্তন, গায়ন বায়নৰ অনুষ্ঠানৰ মাজেৰে ৰাইজৰ বাবে প্ৰকল্পটো মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। ২০০০ গায়ন বায়ন আৰু আয়তীৰ নামকীৰ্ত্তনৰে অমিত শ্বাহক আদৰণি জনোৱা হব। গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত ৬০ হেজাৰ ৰাইজৰ সমাগম হোৱাৰ পৰিকল্পনা কৰা হৈছে। নগাঁও বটদ্ৰৱা সমষ্টি, ৰহা সমষ্টি, বঢ়মপুৰ সমষ্টি, জাগীৰোড সমষ্টি, কলিয়াবৰ সমষ্টিৰ সকলো অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকিব।

উল্লেখযোগ্য যে, ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহেই বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰিছিল

Leave a Reply

Your email address will not be published. Required fields are marked *