Share and Enjoy !

Shares

উত্তপ্ত কাৰ্বি আংলং ! খেৰণিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে তুলিৰাম ৰংহাঙৰ পুৰণা বাসগৃহ। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা।গুলীচালনাত আহত ৩ প্ৰতিবাদকাৰী।

বিগত কেইবাদিনো ধৰি কাৰ্বি আংলংবাসীয়ে সাব্যস্ত কৰি আহিছিল প্ৰতিবাদ।এই প্ৰতিবাদে আজি ভয়ংকৰ ৰূপ লয়।

উল্লেখ্য যে, দেওবাৰে নিশা।অনশনত বহি থকা প্ৰতিবাদকাৰীক আটক কৰাৰ পিছতে অধিক উগ্ৰ হৈ উঠে জনতা। ৩গৰাকীকৈ প্ৰতিবাদকাৰীক আটক কৰি লৈ যোৱাৰ পিছতে প্ৰতিবাদকাৰীয়ে সোমবাৰে জ্বলাই দিয়ে KAACৰ CEM তুলিৰাম ৰংহাঙৰ বাসগৃহ।

ৰুদ্ৰমূৰ্তি ধাৰণ কৰি জনতাই খেৰণিস্থিত তুলিৰাম ৰংহাঙৰ পুৰণি বাসগৃহটো জ্বলাই দিয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰা গুলীচালনাত ৩গৰাকীকৈ লোক আহত হৈছে। বৰ্তমানো পৰিৱেশ শান্ত হোৱা নাই। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত বৰ্তমানেও চলি আছে হতাহতি।

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *