Share and Enjoy !

Shares

মহানগৰীৰ আমবাৰীৰ জিলা পুথিভঁৰালৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ মৃত্যু।

মৃত কৰ্মচাৰীজন অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা নাৰেংগীৰ ফৰেষ্ট গেটৰ বাসিন্দা জুৱেল হক (৬০)।বুলি জানিব পৰা গৈছে।

জানিব পৰ মতে,জুৱেল হক নামৰ লোকজনে নাৰেংগীৰ ফৰেষ্ট গেটৰ পৰা নিজৰ স্কুটিৰে শুৱালকুচি লৈ গৈ থকা অৱস্থাত আমবাৰীৰ জিলা পুথিভঁৰালৰ সমীপত ঘাই পথত গাড়ী লৈ বাগৰি পৰে।।লগে লগে আৰক্ষীয়ে আহত জুৱেল হকক জি এম চি এইচ লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।।

উল্লেখ্য যে, যোৱা বছৰ জুৱেল হক অৱসৰ গ্ৰহণ কৰিছিল।সমাজ কৰ্মী জুৱেল হকৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *