Share and Enjoy !

Shares

বিহালীৰ বাঘমাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান৷দেওবাৰে পুৱা ৭ বজাৰ পৰা ২৬৫ বিঘা মাটিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলিছে বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে ২০খনকৈও অধিক বুলড’জাৰ সাজু কৰাৰ লগতে সহস্ৰাধিক নিৰাপত্তাৰক্ষীক মোতায়েন কৰা হৈছে। যিকোনো হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে দাঁতিকাষৰীয়া জিলাসমূহৰ পৰাও অনা হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষী। বাঘমাৰীৰ পাৱাগ্ৰীড প্ৰকল্পৰ সমীপত ইতিমধ্যে বুলড’জাৰ মজুত কৰাৰ লগতে সষ্টম হৈ আছে নিৰাপত্তাৰক্ষী।

উল্লেখ্য যে বাঘমাৰীত ২৬৫ বিঘা ভূমিত অবৈধভাৱে দখল কৰি ঘৰ সাজি থকা ৪৩৩টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে ৬৮টা পৰিয়ালে আৱেদন দাখিল কৰিছিল৷ উক্ত আৱেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৬৮টা পৰিয়ালৰ ঘৰ উচ্ছেদত স্থগিতাদেশ জাৰি কৰিছে৷ দেওবাৰে উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰা ৬৮টা পৰিয়ালক বাদ দি বাকী পৰিয়ালসমূহক উচ্ছেদ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *