Share and Enjoy !

Shares

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বান-পৰৱৰ্তী পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।

বৈঠকত মন্ত্ৰী বিমল বৰা,বিধায়ক সুশান্ত বৰগোহাঁই আৰু নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই উপস্থিত থাকে।

বৈঠকত বানপীড়িত পৰিয়ালসমূহক আগবঢ়োৱা পুনৰ সংস্থাপনমূলক সহায়ৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে জিলা প্ৰশাসন আৰু চক্ৰ বিষয়াসকলৰ সৈতে চৰকাৰৰ পুনৰ সংস্থাপনমূলক পদক্ষেপসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে। লগতে শিৱসাগৰ চহৰৰ পৰা বানপানী নিষ্কাশনৰ অগ্ৰগতি, ক্ষয়-ক্ষতিৰ মূল্যায়ন আৰু অন্যান্য বান-পৰৱৰ্তী ব্যৱস্থাসমূহো বৈঠকত পৰ্যালোচনা কৰে।

ইপিনে বৈঠকত জিলা আয়ুক্তই অৱগত কৰে যে, জিলাখনৰ প্ৰায় ৪৩ হাজাৰ বানপীড়িত পৰিয়ালে ইতিমধ্যে অসম চৰকাৰৰ ১৫,০০০ টকাৰ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য লাভ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাই জিলা প্ৰশাসনক সকলো যোগ্য বানপীড়িত পৰিয়ালে সময়মতে এই সাহায্য লাভ কৰাটো নিশ্চিত কৰাৰ লগতে কোনো বানপীড়িত পৰিয়াল যাতে বঞ্চিত নহয়, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনক পুনৰ সংস্থাপনমূলক সকলো কাম দ্ৰুতগতিত সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সকলো বিভাগৰ মাজত সু-সমন্বয় ৰক্ষা কৰি কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *