Share and Enjoy !

Shares

আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ আবেদন পত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অনুষ্ঠানত বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীৰ বাবে একাধিক আৰ্থিক সাহায্যৰ ঘোষণা কৰে।মুখ্যমন্ত্ৰীগৰাকীয়ে

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, ডিগ্ৰী অধ্যয়ন কৰি থকা অৱস্থাত বিবাহপাশত আবদ্ধ হোৱা ছাত্ৰীসকলে ‘নিযুত মইনা’ আঁচনিৰ সুবিধা লাভ নকৰিব। অৱশ্যে বিশ্ববিদ্যালয়ত বি.এড. অধ্যয়ন কৰি থকা বিবাহিত ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা পাব। নিয়মীয়াকৈ শিক্ষানুষ্ঠানলৈ উপস্থিত থকা ছাত্ৰ-ছাত্ৰীয়েহে এই আঁচনি দুয়োটাৰ সুবিধা লাভ কৰিব। ইতিমধ্যে নামভৰ্তি সম্পূৰ্ণ কৰা হিতাধিকাৰীয়ে ১০ অক্টোবৰ তাৰিখে দুমাহৰ ধন একেলগে লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *