দীপাৱলীৰ আনন্দৰ মাজতে ধুবুৰী বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
নিমিষতে ধুবুৰী কমলা পট্টিৰ হকাৰ মাৰ্কেটৰ ১২খনকৈ দোকানত সংঘটিত হয় অগ্নিকাণ্ড।
জানিব পৰা মতে, সোমবাৰে মাজনিশা এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়। জুই প্ৰত্যক্ষ কৰাৰ লগে লগে স্থানীয় ৰাইজ আৰু দোকানীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে ঘটনা সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। অগ্নি নিৰ্বাপক বাহিনী ঘটনা সন্দৰ্ভত লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে।
অগ্নিকাণ্ডৰ ফলত প্ৰায় ১০কোটি টকাৰ ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।
এই পৰ্যন্ত অগ্নি সংযোগ হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই।
