Share and Enjoy !

Shares

নয়ডাত অনুষ্ঠিত এলিট ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক জয়ী অসম কন্যা লাভলীনা বৰগোহাঁই।

প্ৰতিযোগিতাৰ ছেমি ফাইনেলত লাভলীনাই মহিলাৰ ৭০-৭৫ কিলোগ্ৰাম শাখাত উত্তৰ প্ৰদেশৰ ইমৰোজ খানৰ বিৰুদ্ধে ৫-০ ব্যৱধানত জয়লাভ কৰিবলৈ সমৰ্থ হয়।

আনহাতে প্ৰতিযোগিতাত অসমৰ অংকুশিতা বড়ো, গীতিমণি গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰে।

ছেমি ফাইনেলত অংকুশিতা বড়োৱে ৫৪-৬০ কিলোগ্ৰাম শাখাত ৰে’লৱেৰ প্ৰিয়াৰ হাতত ৫-০ আৰু গীতিমণি গগৈয়ে ৬৫-৭০ কিলোগ্ৰাম শাখাত সৰ্বভাৰতীয় পুলিচৰ স্নেহাৰ হাতত ৫-০ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *