দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।১৭ জানুৱাৰী,শনিবাৰে।বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হ’ব প্ৰধানমন্ত্ৰীগৰাকীক। বিমান বন্দৰৰ পৰা পোনে পোনে মোদী আহিব সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলীলৈ।
অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’বলগীয়া বাগুৰুম্বা নৃত্য প্ৰদৰ্শনৰ বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী। প্ৰায় ১০,০০০ শিল্পীয়ে প্ৰদৰ্শন কৰিব এই নৃত্য। বিহু, ঝুমুইৰৰ পাছত এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰীগৰাকী।
অনুষ্ঠান শেষ কৰি প্ৰধানমন্ত্ৰীগৰাকী যাব খানাপাৰাৰ কইনাধৰাত থকা ৰাজ্যিক অতিথিশালালৈ। তাতেই নিশাটো কটাব প্ৰধানমন্ত্ৰী মোডীয়ে।
১৮ জানুৱাৰী পুৱা প্ৰধানমন্ত্ৰী মোদী অতিথিশালাৰ পৰা পোনে পোনে যাব খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰলৈ। তাতেই সাজু কৰি থোৱা হেলিকপ্টাৰত উঠি মোডী ৰাওনা হ’ব কলিয়াবৰলৈ। কলিয়াবৰৰ মৌচন্দা পথাৰত আয়োজিত বিশাল সমাবেশত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
উক্ত সভাত মোডীয়ে কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ ৭হাজাৰ কোটিটকীয়া প্ৰকল্পৰ শিলান্যাস কৰিব।
কলিয়াবৰত সভা সামৰি প্ৰধানমন্ত্ৰী মোডী বৰঝাৰ বিমান বন্দৰৰ পৰা বিশেষ বিমানেৰে উভতিব নতুন দিল্লীলৈ।।