জল্পনা-কল্পনাৰ অন্ত! অৱশেষত গেৰুৱা বসন পৰিধান কৰিলে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।
আছুৰ পৰা অব্যাহতি লোৱা শংকৰজ্যোতি বৰুৱাই অৱশেষত সকলো চৰ্চাৰ অৱসান ঘটাই শনিবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ।বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আয়োজন কৰা এক অনুষ্ঠানত শংকৰজ্যোতি বৰুৱাৰ সৈতে আন কেইবাজনো প্ৰাক্তন আছু নেতাই বিজেপি দলত যোগদান কৰে । বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই তেওঁলোকক দলত আদৰণি জনাই আনুষ্ঠানিকভাৱে দলীয় পৰম্পৰাৰে দলত যোগদান কৰায়।
শনিবাৰে শংকৰজ্যোতি বৰুৱাৰ লগতে বিজেপিত যোগদান কৰে আছুৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যবাহী সদস্য কনক গগৈ, অৰ্জুন চেত্ৰী, ৰাজীৱ গগৈ আৰু ৰক্তিম বৰা, জিলা সমিতিৰ প্ৰাক্তন সভাপতি সত্য বৰগোঁহাই আৰু প্ৰাণজিৎ হাজৰিকা আৰু ডিব্ৰুগড় জিলাৰ আছুৰ প্ৰাক্তন উপ সভাপতি দীপজ্যোতি দিহিংগীয়াকে ধৰি কেইবাজনো নেতাই।
অনুষ্ঠানত আপ আৰু অগপকে ধৰি কেইবাটাও দল-সংগঠনৰ ভালেসংখ্যক নেতাই বিজেপি দলত যোগদান কৰে। সকলোকে দলত আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, “বিজেপি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে । আজি বিজেপিৰ ১৪.৫০ কোটি প্ৰাথমিক সদস্য আছে আৰু ১২ লাখ সক্ৰিয় সদস্য আছে । আমাৰ দলটোৱে ৰাইজৰ আস্থা আৰু বিশ্বাস লাভ কৰিবলৈ সক্ষম হৈছে । বিজেপি আজি দেশৰ ৭১ শতাংশ অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । সুশাসন ব্যৱস্থাৰে আজি দলটো আগুৱাই গৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে আজি বিশ্বৰ বুকুত প্ৰতিষ্ঠা হৈছে । অসমত হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত সৰ্বাংগীন বিকাশ হৈছে ।”
লগতে বিজেপিত যোগদান কৰি শংকৰজ্যোতি বৰুৱাই কয়, “ছাত্র সন্থাত দীঘলীয়া সময় অতিবাহিত কৰিছো । বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে জীৱনটো অতিবাহিত কৰি ৰাইজৰ হকে কাম কৰিবৰ বাবে হেঁপাহ পুহি ৰাখিছো । বিজেপিৰ এই মঞ্চখনৰ যোগেদি ৰাইজৰ সেৱক হিচাপে কাম কাজ কৰি যোৱাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো । বৰ্তমান সময়ত বিজেপিয়ে সৰ্বত্র উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে । বিজেপিৰ সেই উন্নয়নৰ সাৰথি হোৱাৰ বাবে যোগদান কৰিছো ।”