ঘোষণা হ’ল ভাৰত চৰকাৰৰ ২০২৬ বৰ্ষৰ পদ্ম বঁটাপ্ৰাপকৰ নাম।সমগ্ৰ দেশৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মবিভূষণ, ১৩ গৰাকীলৈ পদ্মভূষণ আৰু ১১৩ গৰাকীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান ৷ আনহাতে, অসমৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে লাভ কৰিছে ২০২৬ বৰ্ষৰ পদ্মশ্ৰী সন্মান ।
স্বাস্থ্যসেৱা, শিল্প, সাহিত্য, সামাজিক ক্ষেত্ৰৰ অগ্ৰণী নায়কক স্বীকৃতি। পদ্ম বঁটাপ্ৰাপকৰ তালিকাত অসমৰ ৫ ৰত্ন। নুৰুদ্দিন আহমেদ, পখিলা লেকথেপী, ড° যোগেশ দেউৰী, হৰিচৰণ শইকীয়ালৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। লগতে প্ৰয়াত কবীন্দ্ৰ পুৰকায়স্থলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।
অসমৰ সংগীতজগতৰ বাবে এক গৌৰৱোজ্জ্বল ক্ষণ! কাৰ্বি লোক-সংগীতৰ সাধিকা, বিশিষ্ট শিল্পী পখিলা লেকথেপীলৈ আগবঢ়োৱা হৈছে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী’। কাৰ্বি পৰম্পৰাগত সংগীতক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়া আৰু অসমৰ সাংস্কৃতিক ঐতিহ্যক ন-ৰূপত প্ৰাণ দিয়াৰ ক্ষেত্ৰত পখিলা লেকথেপীৰ অৱদান অতুলনীয়।
বিশিষ্ট ভাস্কৰ্য শিল্পী তথা কলা-নিৰ্দেশক নুৰুদ্দিন আহমেদলৈও আগবঢ়োৱা হৈছে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী’। অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিজৰ অনন্য সৃষ্টিৰাজিৰে এক নৱজাগৰণৰ সূচনা কৰা সংগীত নাটক অকাডেমি বঁটাপ্ৰাপ্ত নুৰুদ্দিন আহমেদে শিল্পকলাৰ জৰিয়তে অসমীয়া সংস্কৃতিক বিশ্বৰ দৰবাৰত জিলিকাই তোলাৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে।
ৰাজ্যৰ বিশিষ্ট এৰি তথা ৰেচম বিশেষজ্ঞ ড° যোগেশ দেউৰীলৈও আগবঢ়োৱা হৈছে ‘পদ্মশ্ৰী’ বঁটা। মুগা আৰু এৰি শিল্পৰ গৱেষণা তথা উন্নয়নৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিক নতুন মাত্ৰা প্ৰদান কৰা ড° দেউৰীৰ এই কৃতিত্বই সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিছে। শৈক্ষিক নিষ্ঠা আৰু ৰেচম ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ড° যোগেশ দেউৰীলৈ এই সন্মান আগবঢ়োৱা হৈছে।লখিমপুৰৰ বিহপুৰীয়াৰ সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়ালৈও আগবঢ়োৱা হৈছে ‘পদ্মশ্ৰী’ সন্মান।
ছয় দশকতকৈও অধিক সময় সত্ৰীয়া নৃত্য আৰু সংস্কৃতিৰ সাধনা কৰা হৰিচৰণ শইকীয়াই সত্ৰীয় নৃত্য আৰু সংস্কৃতিৰ এখন বিদ্যালয় স্থাপন কৰি সত্ৰীয় সংস্কৃতিলৈ অৱদান আগবঢ়াই থকাৰ লগতে সত্ৰীয়া নৃত্যত মহিলাৰ অংশগ্ৰহণ উৎসাহিত কৰি আহিছে।
শিলচৰৰ পৰা তিনিটা কাৰ্যকালৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী, প্ৰয়াত কবীন্দ্ৰ পুৰকায়স্থলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। ৪৫ বছৰতকৈও অধিক সময় সামাজিক সেৱাৰ বাবে নিজকে উৎসৰ্গিত কৰা প্ৰয়াত কবীন্দ্ৰ পুৰকায়স্থই শ্ৰীভূমিস্থিত ৰামকৃষ্ণ বিদ্যাপীঠৰ অধ্যক্ষ হিচাপে দেশৰ শিক্ষা ক্ষেত্ৰলৈও আগবঢ়াই যোৱা অনবদ্য অৱদানৰ বাবে আগবঢ়োৱা হৈছে এই পদ্মশ্ৰী সন্মান।