গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা দেশৰ অসামৰিক বঁটাপ্ৰাপকসকলৰ নাম। এইবাৰ অসমৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছে বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা পাঁচগৰাকী বিশিষ্ট ব্যক্তিয়ে।
পদ্মশ্রী বঁটাপ্ৰাপকসকলৰ ভিতৰত আছে লখিমপুৰৰ সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়া। লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ গোঁসাইপুখুৰী নিবাসী,সত্ৰীয়া সংস্কৃতিৰ সাধক ৯৬ বছৰীয়া হৰিচৰণ শইকীয়াই এই বৰ্ষত পদ্মশ্ৰী সন্মান লাভ কৰে ৷
পদ্মশ্ৰী সন্মান লাভৰ পাছতে পদ্মশ্ৰী হৰিচৰণ শইকীয়াই নিজৰ অনুভৱ সাংবাদিকৰ আগত কয়, “সৰুৰে পৰা মই সত্ৰতে ডাঙৰ-দীঘল হৈছিলোঁ । সেয়ে সৰুৰে পৰা সত্ৰীয়া সংস্কৃতি শিকিছিলোঁ । ডাঙৰ হোৱাৰ পাছত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰত ব্ৰতী হৈছিলোঁ । অসমৰ বাহিৰতো সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰিছিলোঁ । এসময়ত প্ৰয়াত প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুৰ আতিথ্য লাভ কৰিছিলোঁ । তেৱোঁ সন্তোষিত হৈছিল । বৰ্তমান পদ্মশ্রী বঁটা লাভ কৰি নিজকে ধন্য মানিছোঁ ।”
উল্লেখ্য যে মাজুলীৰ পুৰণা কমলাবাৰী সত্ৰত সত্ৰীয়া সংস্কৃতিৰ আদিপাঠ গ্ৰহণ কৰা শইকীয়াই বিগত ২০১১ বৰ্ষত সংগীত নাটক একাডেমি সন্মানো লাভ কৰিছিল ৷ সত্ৰত থকা সময়তে দেশৰ ভিন ভিন প্ৰান্তত সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰা হৰিচৰণ শইকীয়াই পৰৱৰ্তী সময়ত লখিমপুৰ জিলাত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত মনোনিবেশ কৰিছিল ৷