ৰাজ্যত অব্যাহত আছে অবৈধ কামৰ ৰমৰমীয়া বেহা । দিনে-নিশাই ৰাজ্যত অব্যাহত আছে অবৈধ বেহা।
পৰ্বতঝোৰাৰ লালমাটিত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৰূপচী আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ শাল গছৰ কুণ্ডা জব্দ কৰে। ৰূপচী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে এই শাল গছৰ কুণ্ডাখিনি।
ৰূপচী সংৰক্ষিত বনাঞ্চলৰ পৰা অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি মূল্যবান শাল গছৰ কুণ্ডা কাটি বনজ সম্পদ ধ্বংস কৰি আহিছিল। ইপিনে আৰক্ষীয়ে কাঠ খিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে ।