মহানগৰীৰ ধীৰেনপাৰাত জব্দ বুজন পৰিমানৰ ড্ৰাগছ,গাঞ্জা আৰু কফচিৰাফ।
পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ ACP নীলোৎপাল শইকীয়াৰ নেতৃত্বত SOG আৰু ফটাশিল আৰক্ষীৰ অভিযান।অভিযানত ড্ৰাগছ ভৰ্তি কন্টেইনাৰ,৫কেজি গাঞ্জা আৰু ২৫০ টা কফচিৰাফ জব্দ কৰে।
জব্দকৃত নিচাযুক্ত সামগ্ৰীকখিনিৰ মূল্য প্রায় দহ লক্ষাধিক টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।
লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰহিমউদ্দিন লস্কৰক নামৰ সৰবৰাহকাৰীক। ৰহিমউদ্দিন লস্কৰৰ ঘৰত আৰক্ষীয়ে চলাই অভিযান।