দেওবাৰে মহাশিৱৰাত্ৰী। হিন্দু ধৰ্মৰ লোকৰ বাবে বিশেষ ধৰ্মীয় উৎসৱ। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিবছৰে ফাগুণ মাহত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়।
শিৱৰাত্ৰীৰ দিনাই ভক্তই উপবাসে থাকি শিৱৰ আৰতি পাঠ কৰে আৰু ওৰে ৰাতি সাৰে থাকি ভক্তি আৰাধনাত বিলিন হয়। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়।হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱটিৰ আৰম্ভণিৰ তাৰিখ জনা নাযায় যদিও অতীতৰ পৰা চলি অহা বহু কাহিনীয়ে মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণন কৰে, তাৰে এটা হৈছে এয়া শিৱৰ নৃত্যৰ নিশা(Maha Shivratri)। মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণনা কৰা বেলেগ বেলেগ কাহিনী আছে।।
ময়ুৰদ্বীপ উমানন্দত মহাশিৱৰাত্ৰী পালনৰ চলিছে আয়োজন ।পুৰাণ প্ৰসিদ্ধ উমানন্দত চাৰি প্ৰহৰ পূজা অৰ্চনাৰে শিৱৰাত্ৰী পালন কৰি অহা হৈছে । এতিমধ্যে দেৱালয়খনি চাফ চিকুন কৰি ৰঙ বিৰঙী কৰি তোলা হৈছে।
তিনিদিনীয়া মহাশিৱৰাত্ৰীত যাত্ৰীৰ সুৰক্ষাৰ ব্যবস্থা কৰা হৈছে । যাতায়তৰ বাবে গুৱাহাটীৰ পৰা উমানন্দলৈ থকা ফেৰী -ভটভটী সেৱাৰ লগতে বিশেষ ফেৰী সেৱাৰো থাকিব ব্যবস্থা । হাজাৰ হাজাৰ মহাদেৱ ভক্তক আদৰিবলৈ সাজু থাকিব মন্দিৰ পৰিচালনা সমিতি আৰু স্বেচ্চাসেৱক