Share and Enjoy !

Shares

শ্ৰীভূমিৰ মকই ভাংগা এলেকাত ভয়ংকৰ পথ দুৰ্ঘটনা।

৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ মকই ভাংগাত দ্ৰুতবেগী ৱেগনাৰ বাহনে হঠাৎ ইউ টাৰ্ণ লোৱাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
বাইক আৰোহী পথৰ দাঁতিৰ ছিটিকি পৰে।।ৰাষ্ট্ৰীয় ঘাইপথৰ দ খাৱৈত ছিটিকি পৰি কথমপি প্ৰাণ ৰক্ষা পৰে বাইক চালকগৰাকী।দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইকচালকগৰাকী।

জানিব পৰা মতে, শ্ৰীভূমিৰ পৰা বদৰপুৰ অভিমুখে গৈ থকা AS10 D 7348 ৱেগনাৰ বাহনখনে একেপথেৰে বদৰপুৰ অভিমুখে গৈ থকা AS 03 AB 3954 নম্বৰ বাইক খনত খুন্দা মাৰে।।

স্থানীয় ৰাইজে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহীক উদ্ধাৰ কৰি শ্ৰীগৌৰী চিকিৎসালয়ত প্ৰেৰণ কৰে।।

ঘটনাস্থলীত বদৰপুৰ আৰক্ষী উপস্থিত হৈ বাহন দুখন উদ্ধাৰ কৰি বদৰপুৰ থানাত লৈ যায়।।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই বাইক চালকগৰাকী আৰু আৰোহীগৰাকীৰ পৰিচয়।

Leave a Reply

Your email address will not be published. Required fields are marked *