শনিবাৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাৰ এক সুউচ্চ, মনোৰম পৰিৱেশত থকা ২২ নং কৈলাশ শিৱধাম মন্দিৰত মহা শিৱৰাত্ৰি৷
কৈলাস শিৱধাম মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু নিমনাগড়, মথুৰাপুৰ, বাউলীপুখুৰীৰ সমূহ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা মহা শিৱৰাত্ৰিৰ অন্তিম দিনটোৰ পুৱাৰে পৰা মহাদেৱৰ আৰাধনা আৰু বন্দনাৰে মুখৰিত হৈ পৰে মন্দিৰৰ চৌপাশ।ভক্তসকলে নিজৰ মনোকামনা সিদ্ধিৰ অৰ্থে বেলপাত, ধুপ-দ্বিপ-নৈবেদ্য আগবঢ়াই মহাদেৱ শিৱক পূজা-অৰ্চনা কৰা পৰিলক্ষিত হৈছে ।
শিৱৰাত্ৰিৰ এই পৱিত্ৰ দিনটোত মন্দিৰলৈ আহি শিৱক আৰাধনা সন্তষ্টি কৰিলে সুফল প্ৰাপ্তি হয় বুলি জনবিশ্বাস আছে ।