গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত।কংগ্ৰেছৰ তৃণমূল কৰ্মী মঙলবাৰে নিশা গুৱাহাটীৰ মহানগৰীৰ অজন্তা পথস্থিত গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত।ক্ষোভ কংগ্ৰেছ কৰ্মীৰ
নিশা শতাধিক কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈৰ ঘৰৰ সন্মুখত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীয়ে কয়,। “কোনো কাৰণতে দলগাঁও ৰাইজ দলক এৰি দিবলৈ সন্মত নহয়” বুলি প্ৰতিবাদকাৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰে। লগতে দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিলে কঠোৰ আন্দোলনৰ হুংকাৰো দিয়ে তৃণমূল কৰ্মীসকলে।
ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে অভিযোগ অনুসৰি, দলগাঁও সমষ্টি সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ আগতে স্থানীয় কৰ্মী আৰু ৰাইজৰ মতামত গ্ৰহণ কৰা হোৱা নাই।
ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা হয়। আনহাতে, দলীয় মহলত এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।