Share and Enjoy !

Shares

বহু জল্পনা কল্পনাৰ অন্তত আজি ঘোষণা হ’ল বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। এই প্ৰাৰ্থী তালিকাক লৈ ৰাজনৈতিক মহলত তীব্ৰ উৎকণ্ঠা আছিল৷ সেই উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত প্ৰকাশ পালে বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা ৷ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশে বৃহস্পতিবাৰে ৮৮ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে৷

বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পাছতে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ দলীয় প্ৰাৰ্থী সুব্ৰত ভট্টাচাৰ্যৰ বাসগৃহত দেখা গ’ল আৱতৰীয়া দীপাৱলী।

ফটকা ফুটাই, মিঠাই বিতৰণ কৰি আনন্দত আত্মহাৰা হৈ পৰিছে কৰ্মী সমৰ্থকসকল। ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি জিলা বিজেপিৰ দুই বাৰৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যই এইবাৰ লাভ কৰিলে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থীত্ব। কাৰণ জিলা সভাপতি সলনি হোৱাৰ পাছত আৰু উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ’ক কাটিগড়া সমষ্টিত প্ৰক্ষেপ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুব্ৰত ভট্টাচাৰ্য’ক উত্তৰ কৰিমগঞ্জ সমষ্টিৰ দায়িত্ব প্ৰদান কৰিছিল।

সেই অনুসৰি প্ৰাৰ্থীত্ব লাভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ বিজেপিৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুব্ৰত ভট্টাচাৰ্যই।

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *