অসমলৈ আহিব হাইদৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছি ৷
AIUDFৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ ২ এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰ চলাব ওৱেছীয়ে ৷
ইতিমধ্যে এই সন্দৰ্ভত AIMIMৰ মুৰব্বী গৰাকীক AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ পুত্ৰ তথা যমুনামুখৰ প্ৰাক্তন বিধায়ক আবদুৰ ৰহিম আজমলে কেইদিনমান পূৰ্বে নতুন দিল্লীত সাক্ষাৎ কৰিছিল ৷
ওৱেছীক সাক্ষাতৰ পিছতে আজমলে দিলে অসমলৈ অহাৰ বাৰ্তা ৷