Share and Enjoy !

Shares

এফালে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শাসক আৰু বিৰোধী দল, আনফালে তৎপৰ হৈছে প্ৰশাসন।

নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দিনে নিশা আৰক্ষীৰ তালাচী অভিযান। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ অভিযানত বিপুল পৰিমাণে সুৰা আৰু নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে।

দেওবাৰে পুনৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই আৰক্ষীয়ে শ্ৰীভূমিৰ পৰা হোজাইলৈ যোৱা পথত AS-10-J-2699 নম্বৰৰ এখন বাহনৰ পৰা জব্দ কৰে প্ৰায় ২০ কেজি আগৰ

এই ঘটনাত জব্দ কৰা মূল্যবান আগৰসহ ৪জন যুৱকক আটক কৰে। আটক কৰা যুৱককেইজন ক্ৰমে- আৰিফুল আলম, জুবায়েৰ আহমেদ, আব্দুল্লা আলম আৰু আলি আহমেদ আৰু

আটক কৰা যুৱককেইজনক বন বিভাগৰ হাতত গতাই দিয়া হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *