২ এপ্ৰিলত পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ মিছাত অনুষ্ঠিত হ’বলগীয়া বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷ কলিয়াবৰ সমষ্টিৰ মিত্ৰজোঁট তথা অগপৰ প্ৰক্ষেপিত প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব শ্বাহে ৷
২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনী সভাৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল’বলৈ শনিবাৰে মিছা হাইস্কুল খেলপথাৰত উপস্থিত হয় বিধায়ক কেশৱ মহন্ত৷
মিছা হাইস্কুল খেলপথাৰত উপস্থিত হয় এই সন্দৰ্ভত বিধায়ক মহন্তই কয়, “২ এপ্ৰিলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মিছা হাইস্কুল খেলপথাৰত এখন জনসভাত অংশগ্ৰহণ কৰিব৷ ২ এপ্ৰিলৰ বিয়লি ৩ বজাত সভাত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে তেখেতৰ উপস্থিতিয়ে আমাক যথেষ্ট উৎসাহিত কৰিব”