হেচটেগত জুবিন গাৰ্গ, প্ৰিয় শিল্পীৰ ন্যায়ৰ দাবীত ডিজিটেল আন্দোলন অনুৰাগীৰহেচটেগত জুবিন গাৰ্গ, প্ৰিয় শিল্পীৰ ন্যায়ৰ দাবীত ডিজিটেল আন্দোলন অনুৰাগীৰ

Share and Enjoy !

Shares

১৩ অক্টোবৰ: এদিন, দুদিনকৈ ২৪ দিন পাৰ হ’ল অসমীয়াৰ পৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ। কিন্তু আজি পৰ্যন্ত উন্মোচন নহ’ল ৰহস্য।

কি হৈছিল আচলতে ১৯ ছেপ্টেম্বৰৰ দিনটোত, সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আজিও অধীৰ অপেক্ষাত ৰৈছে লাখ লাখ অসমীয়া। শব্দৰ সুতাৰে জাতিটোক বান্ধি ৰখা সৰল মনৰ মানুহজনক ন্যায় প্ৰদানতে ইমান পলম হোৱাত বাঢ়িছে অসন্তুষ্টিও।

ইতিমধ্যে এছ আই টিয়ে ৭ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰতিনিয়ত বহু জনক জেৰা অব্যাহত ৰাখিছে যদিও সত্য উদঘাটনৰ ক্ষেত্ৰত এতিয়াও অনিশ্চয়তা অব্যাহত আছে। খোদ গৰিমা গাৰ্গেও শীঘ্ৰে আৰু স্বচ্ছ তদন্তৰ দাবী জনাইও জানিবলৈ সক্ষম হোৱা নাই প্ৰিয় শিল্পীজনৰ আকস্মিক মৃত্যুৰ ৰহস্যবোৰ। এনে পৰিপ্ৰেক্ষিততে সামাজিক মাধ্যমত উত্থাপন হৈছে জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী। অভিনেত্ৰী অমৃতা গগৈৰ নেতৃত্বত আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে ডিজিটেল প্ৰতিবাদ। ১০ দিনৰ ভিতৰত ন্যায়ৰ দাবীৰ বাৰ্তা এই প্ৰতিবাদৰ জৰিয়তে দিয়া হৈছে।

ছচিয়েল মিডিয়াত #WeNeedZubeenGargJusticeWithin10Days আৰু #JusticeForZubeenGarg হেচটেগ ট্ৰেণ্ডিং কৰিবলৈ আৰম্ভ কৰিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীয়ে স্বতঃস্ফূৰ্তভাৱে যোগদান কৰিছে এই ডিজিটেল প্ৰতিবাদত।

আজি অমৃতা গগৈয়ে ফেচবুকত লিখিছে, “অসমৰ কণ্ঠ শুনা উচিত। জুবিন গাৰ্গৰ মৃত্যুত ন্যায়ৰ বাবে সকলোৱে ছ’চিয়েল মিডিয়াত যোগদান কৰক।” সহস্ৰাধিক অনুৰাগীয়ে সক্ৰিয়ভাৱে শ্বেয়াৰ কৰিছে জুবিনৰ ছবি, গীতৰ ক্লিপ আৰু ন্যায়ৰ দাবী। অমৃতাই লগতে কয়, “জুবিন কেৱল আমাৰ গায়ক নহয়, তেওঁ অসমৰ আত্মা। তেওঁৰ মৃত্যুৰ সত্যতা গম নোপোৱালৈকে আমি মৌন নাথাকো। ১০ দিনৰ ভিতৰত ন্যায় নহ’লে আন্দোলন অধিক শক্তিশালী হ’ব।” শিল্পী সমাজেও এই ডিজিটেল আন্দোলনক সহযোগিতা আগবঢ়াইছে। কবি প্ৰণৱ কুমাৰ বৰ্মনে ছ’চিয়েল মিডিয়াত লিখিছে, “জুবিন দাৰৰ মৃত্যুৰ ন্যায় বিচাৰো। এই হেচটেগটোত যোগদান কৰক, সত্য উদঘাটন হওক।” পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পালমী বৰঠাকুৰেও যোগ দিছে এই ডিজিটেল প্ৰতিবাদত। কংগ্ৰেছ নেতা ৰিপুণ বৰা, লুৰীণজ্যোতি গগৈ, দুলু আহমেদকে ধৰি বহু ৰাজনৈতিক নেতাও সামাজিক মাধ্যমত সজোৰে উত্থাপন কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী।

ইফালে, এছআইটিয়ে অব্যাহত ৰাখিছে নিজৰ তদন্ত। দেওবাৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ছিংগাপুৰৰ অসমীয়া সমাজৰ পৰা ইতিবাচক সংকেত পোৱা গৈছে আৰু এদিন বা দুদিন পিছত ভাল খবৰ আহিব। আজি এছআইটিৰ সূত্ৰই প্ৰকাশ কৰা মতে, অতি শীঘ্ৰে চিআইডিৰ কাৰ্যালয়ত হাজিৰ হ’ব ১৩ জন প্ৰৱাসী অসমীয়া।

আজিও প্ৰয়াসী বৰুৱাসহ কেইবাজনক জেৰা চলায় চিআইডিয়ে। কিন্তু এতিয়া সামাজিক মাধ্যমযোগে দাবী উত্থাপন হৈছে দহ দিনৰ ভিতৰত ন্যায় প্ৰদানৰ। এনে পৰিপ্ৰেক্ষিতত তদন্তৰ গতি কিদৰে আগবাঢ়ে সেয়া সময়তহে লক্ষ্যণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *