Share and Enjoy !

Shares

বৰপেটাত AGPৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

বৰপেটাৰ ৰাখাল থান খেলপথাৰত আয়োজিত হয় জনসভা। সভাখনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, অসমৰ গৌৰৱময় ইতিহাস আছে। অসমৰ সমৃদ্ধ পৰম্পৰাই এক ভাৰত শ্ৰেষ্ঠ ভাৰতক শক্তিশালী কৰিছে। লাচিত বৰফুকনৰ পৰাক্ৰম ভাৰতৰ শক্তিৰ প্ৰতীক। সেই অসমত এনডিএৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে বিকাশৰ ঢল নমাইছে।যোগী আদিত্যনাথে, ড০ ভূপেন হাজৰিকাৰ দৰে সত্বা ভাৰতৰ গৌৰৱ। গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ। সেই এনডিএ চৰকাৰে দহ বছৰতে অসমত উন্নয়ন বহু ওপৰলৈ লৈ গৈছে। ইয়াৰ বিপৰীতে কংগ্ৰছৰ চৰকাৰে অসমৰ ইতিহাসক অপমানিত কৰিছিল। উন্নয়ন দূৰত থৈ দিছিল কংগ্ৰেছে।

লগতে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, উত্তৰ প্ৰদেশত আজি সংঘাত নাই। পথত কোনেও নামাজ নপঢ়ে। শব্দ নাহে বিশেষ পক্ষৰ। আইন ভংগকাৰীৰ সম্পত্তি জব্দ কৰি দুখীয়া , দলিতক ভগাই দিয়া হয়

 

Leave a Reply

Your email address will not be published. Required fields are marked *