গোলাঘাট বিধানসভা সমষ্টিৰ মেৰাপানী কল্যাণপুৰ ভোটকেন্দ্ৰত নিৰ্বাচনী হিংসা।
বিজেপিৰ বুথ সভাপতি সৱীন কুৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ কংগ্ৰেছ কৰ্মী ধীৰেন ওৰফে মুকুট হালৈৰ বিৰুদ্ধে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি উত্তেজনা।।
অভিযোগ অনুসৰি, ভোটদান চলি থকা সময়তে ভোটকেন্দ্ৰৰ কিছু দূৰতেই বিজেপিৰ বুথ সভাপতিক আক্ৰমণ কৰে কংগ্ৰেছ কৰ্মী ধীৰেণ ওৰফে মুকুট হালৈয়ে। ইয়াৰ পাছতে সবীন কুৰ্মীয়েও প্ৰহাৰ কৰে মুকুট হালৈক।
এই মাৰপিটৰ ঘটনাৰ পাছতেই ভোট কেন্দ্ৰটোত কিছুসময়ৰ বাবে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে, ঘটনাৰ খবৰ পোৱাৰ লগে লগে মেৰাপানী আৰক্ষী আৰু নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।