আজি ৰাজ্যজুৰি চহা অসমীয়া ৰাইজে পালন কৰিছে গৰু বিহু। চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গৰু বিহু ।
পুৱাতেই গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰে ৰাজ্যবাসীয়ে।
গাঁৱৰ কৃষকসকলে সাতামপুৰুষীয়া ৰীতি-নীতি মানি পালন কৰে গৰু বিহু। পুৱাতেই ওচৰৰ নৈ-বিল-পুখুৰীত গৰুক গা ধুৱায়। গা ধুৱাই লাও, বেঙেনা, হালধি গৰুৰ গালৈ ছটিয়াই প্ৰতিগৰাকী অসমীয়া কৃষিজীৱী লোকে ‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা’ বুলি গাই গোধনৰ কুশল কামনা কৰে।
গৰু বিহু উদযাপনৰ দিনা সন্ধিয়া গোহালিৰ গৰু কেইটাক নতুন পঘাৰে বন্ধা হয়। লোক বিশ্বাস অনুসৰি, গৰুক বন্ধা নতুন পঘাত মাহ, হালধি, তেল সানি দিলে গৰুৰ বহু ৰোগ প্ৰতিৰোধ হয়।