Share and Enjoy !

Shares

জুবিন গাৰ্গবিহীন প্ৰথম ব’হাগ। জুবিনৰ অবৰ্তমানত তেওঁৰ গীতসমূহৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে কণ্ঠশিল্পীসকলে

জুবিন গাৰ্গৰ গান বিকৃত ৰূপত পৰিৱেশন মৰ্মিতা মিত্ৰৰ। বিহুৰ মঞ্চত মৰ্মিতা মিত্ৰই গোৱা গানক লৈ বিতৰ্ক।।

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ প’ষ্ট।প’ষ্টত লিখিছে- ভণ্টিয়ে কোৱা কথাখিনি আমাৰ সকলোৰে মনৰ কথা .. জুবিনৰ সৃষ্টিৰাজি,কৰ্মৰাজিৰ চৰ্চা, প্ৰচাৰ,প্ৰসাৰ যিমান হ’ব, সিমানেই তেওঁ প্ৰাণৰ পৰা প্ৰাণলৈ,, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চিৰ প্ৰবাহমান হৈ থাকিব । আমাৰো ইচ্ছা, প্ৰাৰ্থনা আৰু কামনা সেইয়া.. কিন্তু সকলো সঠিক ভাবে নহ’লে, আটাইতকৈ ডাঙৰ অন্যায় হ’ব কেৱল এজন শিল্পীৰ প্ৰতিয়েই নহয়, এটা জাতিৰ সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ একান্ত আন্তৰিকতা, ভক্তি আৰু তেওঁৰ সাধনাৰ .. লগতে আমাৰ সকলোৰে দায়বদ্ধতাৰো ।

জুবিনৰ প্ৰতি অপৰিসীম মৰম ,ভালপোৱা আৰু শ্ৰদ্ধাৰে তেওঁৰ গীত, সংগীতৰ পৰিবেশন কৰোঁতে অনুগ্ৰহ কৰি নিজৰ দায়িত্বখিনিৰ প্ৰতিও সকলো সজাগ হ’ব বুলি আশা ৰাখিলোঁ ।

এইয়া আমাৰ পৰিয়ালৰ তৰফৰ পৰা বিচৰা কথাখিনি কৈছোঁ,, কিন্তু জুবিনৰ সৃষ্টি আৰু আমাৰ সংস্কৃতি,গীত মাতৰ ৰক্ষণ – সংৰক্ষণৰ দ্বায়িত্ব বুজি সকলোৱে কৰিব পৰাখিনি ক’ব বা কৰিব বুলিও আশা কৰিছোঁ ।

আজি যিহেতু আদালতৰ দিন ধাৰ্য কৰা আছিল, বহুতৰে মেছেজ পাই আছোঁ বাবে আদালতৰ ভিতৰৰ পৰাই এই কথাখিনি সামাজিক মাধ্যমৰ যোগেদি এনেদৰেই প্ৰকাশ কৰিছোঁ । কিবা ভুল হ’লে ক্ষমা কৰিব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *