বিহুৰ আনন্দৰ মাজতে ৰঙিয়াত মানৱ সমাজক লজ্জানত কৰা ঘটনা।
দীৰ্ঘদিন ধৰি নৰপিশাচ পিতৃৰ যৌন আতিসহ্যৰ বলি ১৩ বছৰীয়া মেধাবী ছাত্ৰী ।
ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ ছাত্ৰী গৰাকীৰ ।
ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছৰে পৰা পলাতক অভিযুক্ত পিতৃ দুলাল মণ্ডল
ঘটনা সন্দৰ্ভত নিজ মাতৃকো হোৱাটছৱাপযোগে অৱগত কৰিছিল মৃত ছাত্ৰীগৰাকীয়ে ।
মৃত্যুৰ পূৰ্বে ছাত্ৰী গৰাকীয়ে লিখি গৈছে দীৰ্ঘদিনে পিতৃয়ে কৰা যৌন নিৰ্যাতনৰ সমগ্ৰ ঘটনা ।
ৰঙিয়া হাইৱে চকত ভাড়াতীয়া হিচাপে আছিল পৰিয়ালটো ।
কুমাৰিকাটাত গেৰেজৰ গৰাকী পিতৃ দুলাল মণ্ডলে অহা যোৱা কৰি আছিল হাইৱে চকৰ ভাড়াঘৰত ।
দীৰ্ঘদিন ধৰি পত্নী আৰু কন্যাক শাৰিৰীক মানসিক নিৰ্যাতন কৰাৰো কথা উল্লেখ কৰিছে পৰিয়ালে ।
বৰ্তমান ছাত্ৰী গৰাকীৰ মৃতদেহ GMCH ৰ মৰ্গত ৰখা হৈছে ।
ঘটনা সন্দৰ্ভত মৃত ছাত্ৰীগৰাকীৰ মাতৃয়ে ৰঙিয়া থানাত দাখিল কৰিছে এজাহাৰ ।
ৰঙিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
পলাতক দুলাল মণ্ডলক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান ।