পশ্চিম যোৰহাটৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুর্ঘটনা।
AS 03 AC 8866 নম্বৰৰ এখন মেজিক বাহনত তীব্ৰবেগী বলেৰ’ পিক আপৰ খুন্দা।
ঘটনাস্থলীতে নিহত মেজিক খনৰ চালক ধন দাস।
ঘটনা সংঘটিত কৰি বলেৰ’ পিক আপ বাহনখনে পলায়ন কৰে।
ধন দাসে মেজিক খন লৈ ভাড়া মাৰিবলৈ বুলি ওলাই আহিছিল।
নিহত চালক জনৰ ঘৰ পানীচকুৱাত।