মহানগৰীৰ পাথৰকুৱেৰীৰ শান্তি নগৰত চাঞ্চল্যকৰ ঘটনা।
জুবিন গাৰ্গৰ মায়াবিনী গীত গোৱাৰ বাবেই এগৰাকী লেডী ডনে লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰে এজন যুৱকক
প্ৰহৰত যুৱক জনৰ মূৰ ফালি যোৱাত সমগ্ৰ শৰীৰ ৰক্তাক্ত হৈ পৰে।
উল্লেখযোগ্য যে, মহানগৰীৰ পাথৰকুৱেৰীৰ শান্তি নগৰৰ বাসিন্দা জেকুৱ মাৰাকে আজি পুৱা ১০ বজাত জুবিন গাৰ্গৰ মায়াবিনী গীত গাই ঘৰৰ পৰা পাথৰকুৱেৰীলৈ খোজ কাঢ়ি আহি আছিল।
এনেতে ওচৰৰ নমিতা গুৱালাই জুবিনৰ গীত গোৱাৰ বাবে প্ৰচণ্ড লাঠিৰে আক্ৰমণ কৰি জেকুৱ মাৰাকক গুৰুতৰভাবে আহত কৰে।
ৰক্তাক্ত অৱস্থাত জেকুৱ মাৰাকে আক্ৰমণ কৰা লাঠি ডাল লৈ নুনমাটি থানাত উপস্থিত হৈ মহিলা গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।