কাৰ্বি পাহাৰত চাঞ্চল্যকৰ ঘটনা। কাৰ্বি আংলঙৰ ৰংবংৱেৰ পৰা নিৰুদ্দেশ হোৱা পুলিং বিষয়া কৰ্ণেলিয়াছ কিন্দোৰ মৃতদেহ উদ্ধাৰ।
ৰংবংৱেৰ পাহাৰীয়া এলেকাত উলংগ অৱস্থাত উদ্ধাৰ মৃতদেহটো।
৯ এপ্ৰিলত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনত কাৰ্বি আংলং জিলাৰ ১৯নং চাৰপ কাথাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত পুলিং বিষয়াৰ দায়িত্বত আছিল কৰ্ণেলিয়াছ কিন্দো।বিদ্যালয়ৰ পৰাই ওলাই যোৱাৰ পিছতে সন্ধানহীন হৈ পৰিছিল শিক্ষকজন। কিন্তু নিৰুদ্দিষ্ট হোৱাৰ ১০ পিছত উদ্ধাৰ হয় শিক্ষকগৰাকীৰ মৃতদেহ।
কৰ্ণেলিয়াছ কিন্দো কাৰ্বি আংলং জিলাৰ ধনশিৰি নেপালী বস্তি এল. পি. স্কুলৰ ৰঙাপাহাৰ ক্লাষ্টাৰৰ টেট শিক্ষক হিচাপে কৰ্মৰত আছিল।
জানিব পৰা মতে, ৮ এপ্ৰিলত নিৰ্বাচনৰ দায়িত্বৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল শিক্ষকগৰাকী। পৰৱৰ্তী সময়ত ৯ এপ্ৰিলত শিক্ষক কৰ্ণেলিয়াছ কিন্দোৰ এজন বন্ধু পৰিয়ালক লোকক ওলাই যোৱা বুলি খবৰ দিছিল। কৰ্ণেলিয়াছ কিন্দোৰ কন্যাৰ ভাষ্য অনুসৰি অসুস্থ আছিল শিক্ষকগৰাকী, আৰু নিৰ্বাচনৰ দায়িত্বৰ যোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰা নাছিল শিক্ষকগৰাকীয়ে।